* index * search * visitor center *

শিকিবলৈ শিকো

যি সকলে কেনেকৈ শিকিব লাগে
তাক জানে তেওঁলোকে যথেষ্ট জানে

।-হেনৰী ব্রুকচ আদামছ

 

প্রজ্ঞান,
তিনিচুকীয়া
মহাবিদ্যালয়

To read Assamese text, please
download the Avro Keyboard
or the font
SolaimanLipi

আপোনাৰ আটাইতকৈ ফলদায়ক শিকণৰ পথটো হল নিজকে জনাৰ মাজেদি

  • আপোনাৰ শিকণ সামর্থ্য

  • আপুনি অতীতত কৃতকার্য্যতাৰে ব্যৱহাৰ কৰা পদ্ধতি

  • আপুনি জানিবলৈ ইচ্ছা কৰা বিষয়টোৰ প্রতি আপোনাৰ আগ্রহ আৰু জ্ঞান

আপোনাৰ বাবে পদার্থ বিজ্ঞান শিকিবলৈ সহজ হব পাৰে , কিন্তু টেনিচ্ খেলৰ বিষয়ে শিকিবলৈ কঠিন হব পাৰে , নাইবা ইয়াৰ বিপৰীতটোও হব পাৰে
সকলো শিকণেই একোটা প্রক্রিয়া
, যিটো কিছুমান ঢাপত সম্পূর্ণ হয়

শিকণৰ চাৰিটা ঢাপ হ:
 

এই পৃষ্ঠাক ছপা কৰক আৰু প্রশ্ন কেইটাৰ উত্তৰ দিয়ক
তাৰ পিচত আপোনাৰ উত্তৰ সমূহৰ আৰু অন্য অধ্যয়ন নির্দেশিকা
( Study Guide) –ৰ সহায়ত  নিজৰ ৰণনীতি প্রস্তুত কৰি লওক ।

অতীতৰ পৰা আৰম্ভ:
 

 

আপুনি কেনেকৈ শিকিব বিচাৰে -- এই সম্পর্কে আপোনাৰ অভিজ্ঞতা কি?

আপুনি কি ভাল পায়? পঢ়িবলৈ, সমস্যা সমাধান কৰিবলৈ?
মুখস্থ কৰিবলৈ? আবৃত্তি কৰিবলৈ? ব্যাখ্যা কৰিবলৈ?
দলীয়ভাৱে কথা পাতিবলৈ?

আপুনি সাৰাংশ প্রস্তুত কৰিব জানেনে?

আপুনি কি পঢ়িছিল সেই বিষয়ে নিজকে প্রশ্ন করিছেনে , নাইবা পুনৰীক্ষণ কৰিছেনে ?

বিভিন্ন উৎসৰ পৰা তথ্য আহৰণৰ সুবিধা আছেনে?

আপুনি নির্জনতা ভাল পায়নে অধ্যয়ন গোট ভাল পায়?

আপুনি বহু কেইটা চমু অধ্যয়ন বৈঠক ভাল পায় নে এটা দীঘল বৈঠক ভাল পায়?

আপুনাৰ অধ্যয়ন অভ্যাসবোৰ কেনে? সেইবোৰ কেনেদৰে গঢ়ি তুলিছে?
কোনটো বেছি কামত আহিছে আৰু কোনটো অনাবশ্যক?

আপুনি শিকা কথাটো আনক আটাইতকৈ ভালকৈ কেনেকৈ বুজাব?
লিখিত পৰীক্ষাৰ জৰিয়তে, শিক্ষাকালীণ উত্তৰ কাকতৰ জৰিয়তে, নে সাক্ষাৎকাৰৰ যোগেদি?

বর্তমানলৈ আগবাঢ়ক:
 

এই বিষয়ত মই কিমান আগ্রহী? 
এই বিষয়টো শিকিবলৈ মই কিমান সময় খৰচ কৰিব বিচাৰো?
মোৰ মনোযোগৰ কোনোবা প্রতিদ্বন্দ্বী আছে নেকি?

মোৰ কৃতকার্যতাৰ পৰিবেশটো সঠিক নে?

মই কোনবোৰ নিয়ন্ত্রণ কৰিব পাৰো? কোনবোৰ মোৰ নিয়ন্ত্রণৰ বাহিৰত? 
সেই অৱস্থাবোৰক মই কৃতকার্যতালৈ পৰিবর্তিত কৰিব পাৰিমনে?

এই বিষয়টো শিকিবলৈ মোৰ যি সিদ্ধান্ত আছে, তাক কিহে প্রভাবিত কৰিছে?

মোৰ কিবা আঁচনি আছে নেকি? মোৰ আচঁনিয়ে পূর্বৰ অভিজ্ঞতা আৰু মোৰ নিজস্ব শিকণ পদ্ধতিক বিবেচনা কৰিছেনে ?

প্রক্রিয়াটোলৈ আহক;

বিষয় বস্তু:
 

নাম বা শিৰোনাম কি?
প্রকট হৈ পৰা মূল শব্দ ( key words) কোন কেইটা?
সেই কেইটা মই বুজি পাইছোনে?

সন্দর্ভত মই ইতিমধ্যে কি জানো?
ইয়াৰ সৈতে সম্পর্কিত বিষয়বোৰ জানো নে?

কেনে ধৰণৰ উৎস আৰু তথ্যই মোক সহায় কৰিব?
মই কেৱল এটা উৎসতে ( যেনে পাঠ্যপুথি ) নির্ভৰ কৰিম নে?
অতিৰিক্ত উৎসৰ আৱশ্যক হব নেকি?

মই যেতিয়া পঢ়ো, তেতিয়া পঢ়াখিনি বুজি পাইছোনে বুলি নিজকে শোধনে?
মই ততাতৈয়াকৈ যোৱা উচিত নে লাহে লাহে যোৱা উচিত?
যদি কিবা এটা বুজি নাপাওঁ ; তেতিয়া কিয় বুজা নাই এই কথা  শোধনে?

পঢ়ি থাকোতে ৰৈ দিও আৰু সাৰাংশ প্রস্তুত কৰো নেকি?
মই ৰৈ যাওঁ নেকি এইটো যুক্তিপূর্ণ  হৈছেনে বুলি প্রশ্ন কৰো নে?
মই ৰৈ যাওঁ নেকি আৰু ইয়াক মূল্যায়ন কৰো নে?
(
অর্থাৎ ইতিমধ্যে মই পঢ়া বিষয়ৰ লগত মই সম্মত নে অসম্মত  -- এই কথা বিবেচনা কৰো নে?) 

এই সন্দর্ভত মোক সময়ৰ প্রয়োজন নেকি যাতে কিছু চিন্তা কৰি পুনৰ বিষয়টোলৈ উভতি আহিব পাৰো?
এই কথাটো আন শিকাৰুৰ সৈতে আলোচনা কৰাটো আৱশ্যক নেকি যাতে মই তথ্যসমূহ প্রস্তুত কৰি লব পাৰো?
এই বিষয়ৰ ওপৰত কর্তৃত্ব থকা এজন ব্যক্তি মোৰ আৱশ্যক নেকি, যেনে শিক্ষক, গ্রন্থাগাৰিক?

পুণৰীক্ষণ গঢ়ি তোলা:
 
মই কোনখিনি সঠিককৈ কৰিলো?
মই কোনখিনি বেছি ভালকৈ কৰিব পাৰিলোহেতেন?
কাম কৰাৰ ক্ষেত্রত মোৰ সৱলতা আৰু দুর্বলতাখিনিৰ সৈতে মোৰ আচঁনিখন মিল খাইছে নে?

মই সঠিক চর্তসমূহ বাচি লৈছিলোনে?  
মই ভালদৰে মোখনি মাৰিলো নে? মই নিজৰ প্রতি নিয়মানুৱর্তী আছিলোনে?

মই কৃতকার্য্য হলো নে?
এতিয়া মোৰ কৃতকার্যতা উদযাপন কৰিব পাৰিলো নে?

This page draws upon "metacognition,"
a term coined by Flavell (1976), and expanded upon by many.


Translation by Rana Kumar Changmai, Editor-in-Chief, Pragayan, Tinsukia College :
ৱেব চাইট সম্পর্কে দুআষাৰঃ জো লেণ্ডচবার্জাৰে ১৯৯৬ চনৰ পৰা এই স্টাডি গাইডস্ এণ্ড স্টেটেজি ৱেব চাইটখন তৈয়াৰ কৰিছে । ইয়াৰ ওপৰত গৱেষণা কৰিছে আৰু ইয়াৰ ৰক্ষণাবেক্ষণ কৰিআছে । শিকাৰুসকলৰ সহায় কৰাৰ বাবে যিকোনো আবাণিজ্যিক উদ্যোগ যদি এই ৱেবচাইটৰ বিষয়বস্তু গ্রহণ, বিতৰণ, পূণর্মূদ্রণ ইত্যাদি কৰিব বিচাৰে তাৰ বাবে অনুমতি দিয়া । কেৱল এই কথাত  সতর্ক থাকিব লাগে যে এই ৱেবচাইটৰ বিষয়বস্তুৰ নিয়মীয়া আৰু নৱীকৰণ কৰা হৈ থাকে । এই বিষয়ে আমি আমাৰ চাইট দর্শক সকলকো স্বাগত জনাও । সেয়েহে যদি কোনো অংশ ইন্টাৰনেটতে পুনৰুপস্থাপনৰ দৰকাৰ হয়, সেই ক্ষেত্রত আমাৰ লগত লাইছেন্স চুক্তি পত্র কৰি লোৱা ভাল । আপোনাৰ চাইটতে আমাৰ সংযোগ উপস্থাপনৰ বাবে কোনো অনুমতি নে লাগে ।