আমি শিশু অৱস্থাত অতীতৰ অঘটনবোৰ চাবলৈ আৰু সেইবোৰৰ পৰা শিকাৰ কাৰণে প্রৱল সম্ভাবনা লৈ ফুৰো। আমি সফল নোহোৱালৈকে বাৰে বাৰে চেষ্টা কৰো। পৰাজয়বোৰ শিকনৰ কৃতকার্য পদ্ধতিৰ অংশ মাথোন। শিকাৰ বাবে আমাৰ প্রচেষ্টা, উদ্যোগ আনকি অনুসন্ধিৎসা ব্যক্তিগত, নাইবা অন্তর্নিহিত । বয়স বঢ়াৰ লগে লগে, আমাৰ পৰিয়াল, স্কুল আৰু পৰিবেশ আমাৰ কাৰণে প্রত্যাশা কিছুমান গঢ়ি তোলে । প্রথম অৱস্থাৰ উদগনি ব্যক্তিগত (অন্তর্নিহিত) লক্ষ্যৰ পৰা আঁতৰি গৈ আনক সন্তুষ্ট কৰিবলৈ বা আনৰ ভয়ত বেলেগ ৰূপ (বার্হিক) লবলৈ বাধ্য হয় আৰু প্রায়ে আমাৰ শিকাৰ ইচ্ছা বাধাগ্রস্থ হয়।
আহক আমি আবিষ্কাৰৰ এটা অর্থ পুনৰ আহৰণ কৰো !
আপোনাৰ শিকনৰ বাবে নিয়ন্ত্রণ আৰু দায়িত্ব হাতত লওক, আৰু আত্মবিশ্বাস, পটুতা আৰু স্বায়ত্বতাৰে বিপদৰ মুখা-মুখি হওক। মানি লওক যে , ‘পৰাজয়’ মানেই বিজয় (!) লগতে এইটোও মনত ৰাখক যে, কামত নহা এটা কথা শিকা আৰু কামত অহা কথা শিকাৰ বাট একেটাই।
খণ্ড ১ ঃ আত্মপ্রণোদন ঃ অন্তর্নিহিত প্রণোদন
যদি আপুনি অন্তর্নিহিতভাৱে প্রনোদিত, তেনেহলে এই ক্ষেত্রত হোৱা অধ্যয়নৰ মতে আপুনি--
অন্তর্নিহিত প্রনোদনে আপোনাৰ ব্যকতিগত লক্ষ্য, প্রমূল্যসমূহ আৰু নিজৰ ৰাপক সামৰি লয়। উদাহৰণ
মই (মোবাইলত) খৰকৈ বার্তা পঠাবলৈ শিকিছো যাতে বন্ধু বান্ধৱ সৈতে যোগাযোগ ৰাখিব পাৰো ।
| স্বাধীনতা | বৌদ্ধিক অনুসৰণ | খেল/ প্রতিযোগিতামূলক ক্রীড়া | ধর্ম |
| সৃষ্টিশীলতা | নতুন বন্ধু-বান্ধৱ | নির্দ্ধাৰিত দিনত লগা-লগি | অন্যান্য |
ওপৰৰ বিষয় (কাৰণ) সমূহৰ ভিতৰত প্রিয়
বিষয়টোৰ
ওপৰত এটা বা দু’টা বাক্য লিখক ।
প্রত্যাহ্বান, অনুসন্ধিৎসা,
নিয়ন্ত্রণ, কল্পনা, সহযোগিতা, প্রতিযোগিতাঃ
এইবোৰে আপোনাক নিজৰ
লক্ষ্যৰ দিশত আগবঢ়াই নিব পাৰে; আপোনাক উদগনি দিব ।
এটা
নির্বাচন কৰক—ই বিষয়টোৱে কিয় আপোনাক আকর্ষণ কৰিছে দুটিমান বাক্যত
লিখক
|
প্রজ্ঞান, তিনিচুকীয়া মহাবিদ্যালয় |